প্ৰশ্ন নং ৬- প্ৰতিৱেশীৰ সৈতে কেনেকুৱা শিষ্টাচাৰ হ'ব লাগে?

উত্তৰ- ১- কথা আৰু কৰ্মৰ দ্বাৰা প্ৰতিৱেশীৰ সৈতে ভাল ব্যৱহাৰ কৰিব লাগে, আৰু যদি সহায়ৰ প্ৰয়োজন হয় তেন্তে সহায় কৰিব লাগে।

২- ঈদ অথবা বিবাহ আদি আনন্দৰ সময়ত শুভেচ্ছা জ্ঞাপন কৰিব লাগে।

৩- বেমাৰত পৰিলে শুশ্ৰূষা কৰিব লাগে, দুখ-কষ্টত সান্ত্বনা দিব লাগে।

৪- সাধ্যানুসাৰে ঘৰত আয়োজন কৰা ভাল খাদ্য তথা আঞ্জা তেওঁলোকক দিব লাগে।

৫- কথা বা কৰ্মৰ দ্বাৰা তেওঁলোকক কষ্ট দিব নালাগে।

৬- উচ্চ শব্দ আদিৰ দ্বাৰা তেওঁলোকক আমনি কৰিব নালাগে, তথা তেওঁলোকৰ গোপনীয়তা খুচৰি ফুৰিব নালাগে, লগতে ধৈৰ্য্য ধাৰণ কৰিব লাগে।