প্ৰশ্ন নং ৪- ছুৰা আল-ক্বাৰিআহ পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?

উত্তৰ- ছুৰা আল-ক্বাৰিআহ আৰু ইয়াৰ তাফছীৰঃ

(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।

আল-ক্বাৰিআহ। (১) {ভীতিপ্ৰদ মহা বিপদ।} মাল ক্বাৰিআহ। (২) {ভীতিপ্ৰদ মহা বিপদ কি।} অমা আদৰা-কা মাল ক্বাৰিআহ। (৩) {ভীতিপ্ৰদ মহা বিপদ সম্পৰ্কে তুমি কি জানা?} ইয়াওমা য়াকূনুন না-ছু কালফাৰাশ্বিল মাবছূছ। (৪) {সেইদিনা মানুহ হ’ব বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে।} অতাকূনুল জিবালু কাল ইহনিল মাংফূশ্ব। (৫) {আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙীন ঊণৰ দৰে।} ফা আম্মা মাং ছাকুলাত মাৱাঝীনুহ। (৬) {এতেকে যাৰ তৰ্জুসমূহ গধুৰ হ’ব,} ফাহুৱা ফী ঈশ্বাতিৰ ৰা-দ্বিয়াহ। (৭) {তেওঁ থাকিব সন্তোষজনক জীৱনত;} ওৱা আম্মা মান খাফ্ফাত মাৱাঝীনূহ। (৮) {আৰু যাৰ তৰ্জুসমূহ পাতল হ’ব,} ফা উম্মুহূ হা-ৱিয়াহ। (৯) {তাৰ ঠিকনা হ’ব ‘হা-ৱিয়াহ’।} অমা আদৰা-কা মা-হিয়াহ। (১০) {আৰু তুমি কি জানা সেইটোনো কি?} না-ৰুন হামিয়াহ। (১১) {এইটো হৈছে এটা অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।} (ছুৰা আল-ক্বাৰিআহঃ ১-১১)

তাফছীৰ

১- (الْقَارِعَةُ) সেই ভয়াৱহ সময়, যিয়ে মানুহৰ অন্তৰক কম্পিত কৰিব।

২- (مَا الْقَارِعَةُ) মানুহৰ অন্তৰ কপোৱা সেই ভয়াৱহ সময়টোনো কি?

৩- (وَمَا أَدْرَاكَ مَا الْقَارِعَةُ) হে ৰাছুল আপোনাক কিহে জনাব যে অন্তৰ কপোৱা সেই সময়টোনো কি? নিশ্চিতৰূপে সেয়া হৈছে ক্বিয়ামত দিৱস।

৪- (يَوْمَ يَكُونُ النَّاسُ كَالْفَرَاشِ الْمَبْثُوثِ) যিদিনাখন অন্তৰবোৰ ভীতিপ্ৰদ হ'ব, সেইদিনা মানুহ বিক্ষিপ্ত কীট- পতঙ্গৰ দৰে হ'ব।

৫- (وَتَكُونُ الْجِبَالُ كَالْعِهْنِ الْمَنْفُوشِ) আৰু পৰ্বতবোৰ ধূনা ঊণৰ দৰে পাতল আৰু তীব্ৰ গতিত চলিবলৈ ধৰিব।

৬- (فَأَمَّا مَنْ ثَقُلَتْ مَوَازِينُهُ) এতেকে যাৰ ভাল কৰ্ম, বেয়া কৰ্মতকৈ অধিক হ'ব।

৭- (فَهُوَ فِي عِيشَةٍ رَاضِيَةٍ) তেওঁ জান্নাতত সন্তুষ্টজনক আনন্দ লাভ কৰিব।

৮- (وَأَمَّا مَنْ خَفَّتْ مَوَازِينُهُ) আৰু যাৰ বেয়া কৰ্ম, ভাল কৰ্মতকৈ অধিক হ'ব।

৯- (فَأُمُّهُ هَاوِيَةٌ) ফলত ক্বিয়ামতৰ দিনা তাৰ ঠিকনা তথা বাসস্থান হ'ব জাহান্নাম।

১০- (وَمَا أَدْرَاكَ مَا هِيَهْ) হে ৰাছুল, আপুনি কি জানে সেইটোনো কি?

১১- (نَارٌ حَامِيَةٌ) সেয়া হৈছে অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।